সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৪২]

সময়ত তেওঁ নিজৰ অৱস্থালৈ একপ্ৰকাৰ পাহৰিছিল বুলিলেহে ঠিক কোৱা হয়। অনেক দুখীয়া লৰাক তেওঁ সহায় কৰি স্কুলত পঢ়ুৱাইছিল। লৰাক বিদ্যাশিক্ষা দিয়াত তেওঁৰ প্ৰগাঢ় অনুৰাগ চিৰকাল দেখা গৈছিল। প্ৰথমতে ইংৰাজী শিক্ষা আসামত প্ৰচলিত হোৱা ডোখৰ কালত যদিও তেওঁ ইংৰাজী শিক্ষাৰ বিৰোধী আছিল, আৰু নাতিয়েক পূৰ্ণানন্দ বৰুৱাক ইংৰাজী শিকিব নিদিছিল, আৰু পূৰ্ণানন্দই লুকাই-চুৰকৈ ইংৰাজী পঢ়িব লগীয়াত পৰিছিল; কিন্তু পিছত তেওঁ সেই শিক্ষাৰ উপকাৰিতা সম্পূৰ্ণৰূপে হৃদয়ঙ্গম কৰিব পাৰি, সকলোকে ইংৰাজী ভালকৈ পঢ়িবলৈ উৎসাহ দিছিল; আৰু নিজৰ পুতেকহঁতক “কলেজত” ইংৰাজী পঢ়িবলৈ কলিকতালৈ পঠিয়াইছিল। তেওঁ লক্ষীমপুৰত একষ্ট্ৰা এচিষ্টেণ্ট হৈ