এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৪১]
ককালত কাপোৰ বান্ধি, তাৰ আয়োজনত লাগি যায়। তেওঁ শিৱসাগৰত থকা কালত, তাত সেই বিলাক ৰাজহুৱা কাম আগৰ পৰা গুৰিলৈকে তেওঁৰ অদম্য উৎসাহ যত্ন আৰু পৰিশ্ৰমেৰে অনুপ্ৰাণিত হৈ সম্পাদিত হৈছিল। ধৰ্ম্ম কাৰ্য্যত ওৰেদিনটো পৰিশ্ৰম কৰিও তেওঁ ক্লান্তিবোধ নকৰিছিল।
ডাঙৰীয়াই মুক্তহস্তে দান কৰিছিল। ভিক্ষুকক তেওঁ কেতিয়াও তেওঁৰ ঘৰৰপৰা শুদাহাতে ওভোতাই নপঠিয়াইছিল; আৰু বামুণ বৈষ্ণৱ ফকিৰ সন্ন্যাসী আৰু দুখীয়া মানুহক সততে সাধ্য মতে দান কৰিছিল। দেশৰ সকলো সজ কাৰ্য্যত তেওঁৰ হাতৰ মুঠি মুকলি আছিল। তেওঁৰ নিজৰ আৰ্থিক অৱস্থা যদিও সচ্ছল নাছিল, তথাপি তেওঁ দানৰ সময়ত কৃপণতা নকৰিছিল; বৰং সেই