এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৪০]
আদিৰ উপৰিও, পালনাম, গোপিনী সবাহ, তিল-হোম, শান্তিকৰম আদি কাৰ্য্য সততে হৈছিল। তেওঁ তেওঁৰ পিতৃশ্ৰাদ্ধ মাতৃশ্ৰাদ্ধৰ বাহিৰেও, ককাদেউতাক, বৰবাইদেৱেকেৰ শৰাধ নিয়মিতৰূপে কৰিছিল। ভাদৰ তিনি কীৰ্ত্তন, আৰু বাৰজনা আতাৰ তিথি, কমলাবাৰী সত্ৰত কৰাদি তেওঁৰ ঘৰত তেওঁ নিয়ম মতে কৰিছিল। বাস্তবিকতে কবলৈ গলে, তেওঁ নিজৰ ঘৰক কমলাবাৰী সত্ৰৰ এখন সৰু চানেকীযেন কৰি ৰাখিছিল। শিৱসাগৰত ৰাজহুৱা নামঘৰত ৰাজহুৱা বৰ সবাহ, হোম, পূজা আদি যেনে জ্বলন্ত উৎসাহেৰে ডাঙৰীয়াই সমাধা কৰিছিল, তাক সকলোৱে দেখি আচৰিত মানিছিল৷ ৰাজহুৱা বৰসবাহ বা পূজাব দিনা, ডেকাবিলাক কৰবাতে থাকে, বুঢ়া ডাঙৰীয়াই ৰাতিপুৱাই গা ধুই গুচী হৈ আহি