এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৩৯]
লগুৱাই খোৱা পাতৰ পৰাও, কীৰ্ত্তন ঘোষাৰ এই পদ মাতি, মহাপ্ৰসাদ ভক্ষণ কৰিছিল।
“মহাপ্ৰসাদত যত্নে এৰিবা বিচাৰ।
নাহিক কিঞ্চিত জানা ব্ৰহ্মত বিকাৰ।
বিষ্ণুৰ নৈবিদ্য যত অন্ন পিঠা-পনা।
ভক্ষাভক্ষ তাহাত বিচাৰে যিটোজনা॥
হোৱে মন্দৰোগী তাক ভাৰ্য্যা পুত্ৰে এৰে।
নাহিক নিস্তাৰ ঘোৰ নৰকত পৰে॥
অন্ত্যবৰ্ণে হীনবৰ্ণে যিটো অন্ন ছোৱে।
তাক ভুঞ্জি সমস্ত পাতক মুক্ত হোৱে॥
ছোৱা-গঞ্জা বুলি যিটো অন্ন নাখায় মোৰ।
বিপদক পাৱে তাক কৰে। দণ্ড ঘোৰ॥
নাহি কাল নিয়ম ব্ৰতত দোষ নাই।
পাইলে মাত্ৰ খাইবে অন্ন তেবে মোক্ষ পায়॥”
ডাঙৰীয়াৰ ঘৰত নিত্যকৰ্ম্ম হৰিনাম প্ৰসঙ্গ