এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৩৭]
গ্ৰহণ কৰে; তেতিয়াৰেপৰা বেজবৰুৱা বংশৰ সতি-সন্ততিসকল মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম্মৰ শুদ্ধসত্ব সেৱক বুলি প্ৰখ্যাত। ডাঙৰীয়া দীননাথ বেজবৰুৱাই সেই সুখ্যাতি সম্পূৰ্ণ ৰূপে ৰক্ষা কৰিছিল।
তীৰ্থ পৰ্যটনতো বেজবৰুৱা ডাঙৰীয়া অদ্বিতীয় আছিল। চাৰিবাৰ তেওঁ পুৰুষোত্তম ক্ষেত্ৰলৈ গৈ জগন্নাথ দৰ্শন কৰিছিল; আৰু মথুৰা বৃন্দাবন আদি তীৰ্থ কৰিবলৈ গৈছিল। প্ৰথম দুবাৰ তেওঁ অশেষ ক্লেশ আৰু পৰিশ্ৰম স্বীকাৰ কৰি সেই কাৰ্য্য কৰিছিল; কাৰণ, সেই কালত আসামৰপৰা বিদেশলৈ যাবলৈ ৰেল আৰু জাহাজ নাছিল। ব্ৰহ্মপুত্ৰত নাৱেৰে ভটীয়াই গৈ, তাৰ পিছত খোজকাঢ়ি তেওঁ পুৰী পাইছিলগৈ। জগন্নাথ ক্ষেত্ৰত তেওঁৰ দৃঢ় ভক্তি আৰু বিশ্বাস