সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৩৬]

প্ৰথম গৰাহ ভাত মূৰৰ ফাললৈ তুলি ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিহে নিজৰ মুখত দিছিল। বেজবৰুৱা ডাঙৰীয়াৰ উপৰি পুৰুষ মহাত্মা পুৰুষোত্তম বৰুৱাই * প্ৰথমতে মহাপুৰুষীয়া ধৰ্ম্ম


বেজবৰুৱা বংশৱালী পুথিত লেখিছে,—
“কলিবৰ বৰুৱাৰ পুত্ৰ মহামতি।
গোবিন্দ বৰুৰা নাম নানা স্থানে খ্যাতি॥
ৰজাৰ ঘৰত মহা মান্যক লভিলা।
একাচেকা বৰুৱা ৰজাই নাম দিলা॥
তাহান তৃতয় পুত্ৰ ভৈল শ্ৰেষ্ঠতম।
জয়হৰি বৰুৱা জ্যেষ্ঠ ছোট অনুপম॥
মধ্যম তনয় জানা পুৰুষউত্তম।
আমাৰ বংশৰ জানা পদ্মফুল সম॥
যাৰ যশ গুণ আছে লোকক বিয়াপি।
মহা সত্ত শিষ্ট সবে কহয় অদ্যপি॥

কলিবৰ বৰুৱা। (আসামত বেজবৰুৱা বংশ সংস্থাপক।)
গোবিন্দ বৰুৱা (একাচেকা বৰুৱা। )
জয়হৰি বৰুৱাপুৰুষোত্তম বৰুৱাঅনুপম বৰুৱা