সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৩৫]

"আতাৰ থানৰ নিমিত্তে” তেওঁ যথাসৰ্বহ আগবঢ়াই দিছিল; আৰু লাগিলে নিজৰ প্ৰাণ পৰ্য্যন্ত দিবলৈ সাজু আছিল। কমলাবাৰী সত্ৰ সংস্থাপক পদ্ম আতাই (যি বদুলা আতা বুলি বিখ্যাত) নিজৰ ভৰা নাৱৰপৰা “যথা সৰ্ব্বহ পেলাই দি ভক্ত-বস্তুক” তুলি আনিছিল বুলি আতাৰ চৰিত্ৰত আছে; ডাঙৰীয়াই সেই কথা সদাই কৈ, নিজে চলিবৰ নিমিত্তে সেই আৰ্হি আগত ৰাখিছিল। বাৰীত ভাল কল এথোকা হলে, কোনো ভাল ন ফল বা শষ্য উৎপন হলে, অথবা ঈশ্বৰৰ আগত নিবেদন কৰিব পৰা কোনো ভাল বস্তু বাহিৰৰপৰা আহিলে, ডাঙৰীয়াই প্ৰথমতে তাক গোসাঁই-ঘৰলৈ আগ কৰিছিল, আৰু গোসাঁইৰ আগত নৈবিদ্য নকৰি কোনো নতুন বস্তু নাখাইছিল। তেওঁ তাত খাবলৈ বহি,