এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৩৪]
প্ৰত্যেক ঠাইৰ ধূলি নিজৰ মুৰত লৈছিল। তেওঁৰ মানত মধুপুৰ, বৰপেটা, কমলাবাৰী সত্ৰ জাগ্ৰত জীৱন্ত দেৱতা; "মহাপুৰুষ গুৰুজনৰ থান” "বদুলা আতাৰ থান” বৈকুণ্ঠ বা গোলোকধামৰ তুল্য। কমলাবাৰী সত্ৰৰ বৈষ্ণৱ উদাসীন ভকত তেওঁৰ ঘৰলৈ আহিলেই, যথাৰীতি তেওঁ ঠগি আগবঢ়াই, সত্ৰৰ অধিকাৰ গোসাঁই প্ৰভুকে আদি কৰি “চাৰিউ হাটীৰ সমুহবাপু” ভকত সকলৰ বাৰ্ত্তা সুধিছিল; আৰু সেই ভকতক “মোৰ আতাৰ থানৰ ভকত” বুলি মান্য কৰি, সীধাপাতি দি যত্ন কৰি সোধ-পোছ কৰি ৰাখিছিল। ডাঙৰীয়াৰ ঘৰৰপৰা সত্ৰৰ উদাসীন ভকত প্ৰায়ে নুগুচিছিল; আৰু কোনো কোনো জন দীঘলীয়াকৈ অনেক বছৰ তেওঁৰ ঘৰত "হৰিগুণ গাই সুখে” বাস কৰিছিল। ভকতৰ নিমিত্তে