এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৩২]
ঘৈণীয়েক মৃত্যুশয্যাত, সকলো মানুহ শোকত বিহ্বল, কিন্তু তেওঁ অচল অটল ধীৰ স্থিৰ; অস্তিম কালৰ যি কৰ্ত্তব্য, ধীৰ স্থিৰ ভাৱে তেওঁ সেইবিলাকৰ দিহা কৰিব লাগিছে; কান্দোতাসকলক সান্ত্বনা দিছে, থল বুজি দাবি দিছে, আক অন্তকৰ ওচৰ চপাজনক এঘণ্টা দুঘণ্টা কাল নিৰবচ্ছিন্ন ঈশ্বৰৰ নাম সোৱঁৰাইছে; এক মূহুৰ্ত্তৰ নিমিত্তে তেওঁ বিচলিত হোৱা নাই, এটোপা চকুৰ পানী উলিৱা নাই, ঈশ্বৰৰ ইচ্ছাত সকলো হৈছে বুলি মনত শাস্তি লভিছে। ঘৰৰ লৰা ছোৱালীৰ বা আন কাৰো নৰীয়া হলে, বা কাৰো ওপৰত কোনো বিপদ আহি পৰিলে, তেওঁ গোসাঁইঘৰত “মহাপুৰুষ গুৰুজনৰ থাপনাৰ” ওচৰত গলবস্ত্ৰ হৈ পৰি, সেই নৰীয়া বা বিপদত পৰাজনৰ উদ্ধাৰৰ অৰ্থে প্ৰাৰ্থনা কৰিছে,