এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৩১]
খাই গোসাঁইঘৰত গোৱা “পিছনাম” শুনিছিল। এই নামৰ অন্তত তেওঁ আহি আকৌ সেই বাহিৰৰ শোৱাপাটীত পৰি, ওচৰতে বহি ৰামায়ণ বা মহাভাৰত পুথি পঢ়োঁতাৰ পুথি পঢ়া শুনিছিল। এই সময়তে লগুৱাই তেওঁ ভৰিত তেল-টেঙা ঘঁহিছিল আৰু ভৰি পিটিকিছিল। এইদৰে এঘণ্টামান পুথি শুনাৰ পিছত তেওঁ ভিতৰলৈ শুবলৈ উঠি গৈছিল। শুবৰ আগেয়ে তেওঁ মুখ ধুই শোৱাপাটীত উঠি তাতে বহি “গুৰুসেৱা" ঈশ্বৰৰ উপাসনা কৰি অঁতাই তাৰ পিছতহে শুইছিল। ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ দৈনিক জীৱনৰ এয়েই চমু বিবৰণ।
ঈশ্বৰত দৃঢ়বিশ্বাস আৰু নিজ গুৰুঘৰত অচলা ভক্তি ডাঙৰীয়াৰ ইমান আছিল যে দেখি আচৰিত মানিব লগীয়া। নিজৰ মৰমৰ পুতেক,