সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৩০]

মানুহৰ সৈতে চৰাঘৰত বহি কথাবাৰ্তা কৈছিল; নাথাকিলে আগেয়ে কৈ অহা বাহিৰৰ সেই শোৱাপাটীত পৰি জিৰাইছিল; আৰু ঘৰুৱা মানুহ-দুনুহৰ সৈতে কথাবাৰ্ত্ত৷ পাতিছিল। ৰাতি ৯ মান বজাত গোসাঁইঘৰত ৰাতিৰ প্ৰসঙ্গৰ তালৰ কোব পৰিলেই, ডাঙৰীয়াই সেই পাটী এৰি গা ধুবলৈ গৈছিল আৰু গা ধুই ধুতি হৈ গোসাঁইঘৰলৈ গৈ প্ৰসঙ্গত বহিছিল। পুৱাৰ প্ৰসঙ্গৰ দৰে ৰাতিৰ প্ৰসঙ্গো পুথি পাঠ, চৰিত্ৰ তোলা আৰু আশীৰ্বাদেৰে তেওঁ সমাপ্ত কৰি, ৰান্ধনিঘৰত পুৱাৰ দৰে সকলোৰে পৰিবৃত হৈ আহাৰ কৰিছিল। আহাৰ শেষ কৰি উঠি আহি তেওঁ চৰাঘৰত আধাঘণ্টামান খোজ চলাই, হাজাৰীঘোষা পুথিৰ কাকৃতিৰ ঘোষাবিলাক সুৰ ধৰি গাইছিল। ইয়াৰ পিছত তেওঁ, লৰা ডেকা সকলোৱে গোট