সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[২৮]

প্ৰসঙ্গৰ নিমিত্তে গোসাঁই-ঘৰত সোমাই ঘোষা গাই, তাৰ পিছত প্ৰসঙ্গ শেষ কৰি ওলাই আহি চাহ আৰু অলপ জলপান খাইছিল। ইয়াৰ পিছত তেওঁ নিজৰ ঔষধালয়ত দৰব-জাতিৰ কাম অলপমান পৰ চাই, তিনি বাজি আধা ঘণ্টামান যোৱাৰ সময়ত ভাগৱত পঢ়িবলৈ বহি, ভাগৱত শুনিবলৈ গোটখোৱা শ্ৰোতাসকলৰ আগত, সন্ধ্যা লগাৰ আগলৈকে ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিছিল। কোনো দিনা তেওঁৰ শৰীৰ অসুস্থ থকাৰ নিমিত্তে তেওঁ নিজে ভাগৱত ব্যাখ্যা কৰিব নোৱাৰিলে, অসমীয়৷ মহাভাৰত, ৰামায়ণ আদি পুৰাণ পুথি লোকৰ হতুৱাই পঢ়াই শুনিছিল। “সেহিটো দিনক ভাই দুৰ্দ্দিন বুলিয়া মানো, মেঘাচ্ছন্ন নোহয় দুৰ্দ্দিন। হৰিকথা অমৃতৰ সম্যকে অমৃত পান যিটো দিন হোৱয় বিহীন॥” যি