এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[২৫]
হৈছিল। প্ৰত্যূষে তেওঁ নিদ্ৰা পৰিহাৰ কৰি শোৱাপাটীৰপৰা নমাৰ আগেয়ে, পাটীতে বহি ক্ষন্তেক কাল ঈশ্বৰোপাসনা কৰিছিল; আৰু তাৰপৰা নামি দাপোণত মুহুৰ্ত্তৰ নিমিত্তে মুখ চাই তেতিয়াই গোসাঁই-ঘৰৰ দুৱাৰ মুখলৈ গৈ আঠুকাঢ়ি বাহিৰৰপৰা দুৱাৰদলিৰ কাষত মূৰ থৈ গোসাঁইসেৱা কৰি উঠি আহি হাত মুখ ধোৱা আদি প্ৰাতঃকৃত্য সমাপন কৰিছিল তাৰ পিছত কাপোৰ-কানি পিন্ধিঘৰৰ বাহিৰত ঠিয়াঠিই কৰি, প্ৰভাত কালৰ বালসূৰ্য্যৰ নবীন কিৰণেৰে মিহলি সুবতাহ কিছুমান বেলি উপভোগ কৰি, ঘৰুৱা মানুহক নিজ নিজ কাৰ্য কৰিবলৈ শঁকিয়াই, হয় বাহিৰলৈ ফুৰিবলৈ ওলাই গৈছিল, নহয় দৰব-জাতি আদি কৰা কাৰ্য্যৰ তত্ত্বাবধাৰণ কৰিছিল। তাৰ পিছত নিজৰ লৰাহঁত বা আন