এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[২৩]
থাকি শ্ৰীমদ্ভাগৱত আদি শাস্ত্ৰ পাঠ আৰু আলোচনা কৰি কটাবলৈ পায়। ঈশ্বৰৰ অনুগ্ৰহত তেওঁৰ সেই আশা পূৰ্ণ হৈছিল। শিৱসাগৰত তেওঁ পেঞ্চন ভোগ কৰি থকা ২২ বছৰ কালত, দিনৌ আবেলি ৩ মান বাজিলেই, তেওঁ তেওঁৰ চৰাঘৰত নাইবা গোসাঁইঘৰৰ টুপত, ঠাই মছোৱাই লৈ, শুচী সংযত হৈ, ঠগাত শ্ৰীমদ্ভাগৱত শাস্ত্ৰ মেলি লৈ, শ্ৰোতাসকলৰ আগত পাঠ আৰু ব্যাখ্যা কৰিছিল। তেওঁ আবেলি আন সকলো কাম পৰিত্যাগ কৰি শুচী হৈ সেই কাৰ্য্য কৰিছিল, আৰু কোনো প্ৰতিবন্ধকতা বা আসোঁৱাহ নামানিছিল৷ শিৱসাগৰৰ অনেক সন্ত সাধু লোকে নিতৌ আবেলি ডাঙৰীয়াৰ ঘৰলৈ গৈ সেই শাস্ত্ৰব্যাখ্যা শুনি পাৰমাৰ্থিক জ্ঞান লভিছিল। পিতৃ ডাঙৰীয়াৰ এই সংক্ষিপ্ত জীৱনচৰিত্ৰ লিখকে