এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[২২]
বেৰিষ্টৰক, আৰু শৰৎচন্দ্ৰ বানুৰ্জী নামে এজন ওখ খাপৰ বঙ্গালী উকিলক ডাঙৰীয়াৰ পক্ষ সমৰ্থন কৰিবৰ নিমিত্তে কলিকতাৰপৰা অনোৱা হৈছিল। ব্ৰেন্সনৰ আগেয়েই উকিল শৰৎচন্দ্ৰ বানুৰ্জীয়ে ডিবুৰুগড়ৰ পাই মোকৰ্দ্দমা খণ্ড বিখণ্ড কৰি উৰাই দিলে। ব্ৰেন্সন আহি গুৱালপাৰ পাওঁতেই তাৰ পৰা, ডাঙৰীয়াৰ নাতিয়েক সুবিখ্যাত হাকিম পূৰ্ণানন্দ বৰুৱা “ছোট চাহাবে” তেওঁক ওভোতাই পঠিয়ালে। এই মোকৰ্দ্দমাত অহা সুযোগ্য উকিল বাবু শৰৎচন্দ্ৰ বানুৰ্জীয় তাৰ পিছত, আসাম গবৰ্ণমেণ্টৰ চাকৰি লৈ “একষ্ট্ৰা এচিষ্টেণ্ট” হৈ আসামতে থাকিল।
ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ বৰ আশা আছিল, যে তেওঁ যেন জীৱনৰ শেষ ভাগ, গবৰ্ণমেণ্টৰ কামৰপৰা অৱসৰ লৈ শিৱসাগৰৰ ঘৰত