সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[২১]

নাথ বেজবৰুৱা স্থিৰ, ধীৰ, অটল হৈ আছিল; আৰু তেওঁৰ নিষ্পাপ নিৰ্ম্মল অন্তঃকৰণত এক মুহুৰ্ত্তৰ নিমিত্তে ভয়ৰ সঞ্চাৰ হোৱা নাছিল। তেওঁৰ নিৰ্ভয় উত্তৰ, ঈশ্বৰ বিশ্বাসেৰে বলী পৌৰুষ পূৰ্ণ ব্যৱহাৰে কৰ্ণেল ক্লাৰ্ককে প্ৰমুখ্য কৰি তেওঁৰ শত্ৰুদলৰ প্ৰাণত আতঙ্ক, আৰু ডিব্ৰুগড়ৰ প্ৰজাৰ মনত বিস্ময়বিমিশ্ৰিত আনন্দ উৎপাদন কৰিছিল। বিচাৰৰ শেহত ডাঙৰীয়া মেঘমুক্ত শশধৰৰ দৰে নিজৰ যশয্যাৰ জেউতিৰে আৰু উজ্জ্বল হৈ ওলাল, আৰু গবৰ্ণমেন্টে তেওঁক আকৌ আগৰ কামত নিযুক্ত কবি তেওঁ কামৰপৰা স্থগিত (চচ্‌ পণ্ড) হৈ থকা কেইমাহৰ পুৰা বেতন তেওঁক দিলে। ইয়াৰ পিছত তেওঁৰ শত্ৰুদলৰ নানা লটি-ঘটি হল। এই মোকৰ্দ্দমাত ডাঙৰীয়াৰ বিস্তৰ ধন ভগণ হৈছিল। ব্ৰেন্সন নামে এজন ইংৰাজ ডাঙৰ