সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[২০]

কৰ্ণেল ক্লাৰ্কে কোনো বিচাৰ আৰু বিবেচনা কৰি নাচাই, সিহঁতৰ সেই মিছা কথা বিশ্বাস কৰি, দণ্ডবিধি আইনৰ “ঘৰ-জ্বালানি” অভিযোগৰ ধাৰাত ডাঙৰীয়াক পেলাই, তেওঁ ডিবুৰুগড় পালতে তেওঁক হাজোতত দিলে। এই মোকদ্দমাই সেইকালত আসামৰ ইমূৰৰপৰা সিমূৰলৈকে সকলো মানুহৰ মনত তোলপাৰ লগাই পেলাইছিল; আৰু সকলোৱে ডাঙৰীয়াৰ নিচিনা ধাৰ্ম্মিক আৰু পুণ্যাত্মা মানুহৰ দ্বাৰাই তেনে ঘৃণণীয় কাম হোৱাটো অসম্ভৱ বুলি বুজি, বেজাৰ আৰু শোকত মগণ হৈছিল; আৰু যাতে ডাঙৰীয়া সেই অগ্নি-পৰীক্ষাৰপৰা নিষ্কলঙ্ক হৈ সন্মানেৰে সৈতে উদ্ধাৰ হৈ ওলায় তাৰ অৰ্থে ঈশ্বৰৰ ওচৰত কায়মনোবাক্যে প্ৰাৰ্থনা কৰিছিল। এই বিপদৰ গোটেই ডোখৰ কালত, ডাঙৰীয়া দীন-