সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[১৯]

কৰিছিল; কিন্তু সেইবুলি তেওঁলোকৰ কোনোৱে অন্যায় আচৰণ কৰিলে, তেওঁ নিৰ্ভয়ে আত্মসন্মান ৰাখি স্পষ্ট উত্তৰ দি মনৰ নৈতিক বলৰ চিনাকী দিছিল। ডাঙৰীয়া লক্ষীমপুৰত মুনচেফ হৈ থাকোঁতে, কিছুমান দুষ্ট মানুহে ষড়যন্ত্ৰ কৰি ডাঙৰীয়াৰ ওপৰত এটা মিছা অভিযোগ আনে; আৰু সেই অভিযোগৰ বিচাৰৰ নিমিত্তে তেওঁ ডিবুৰুগড়লৈ আহিব লগীয়াত পৰে। তেতিয়৷ ডাকজাহাজ বা ৰেল আসামত নাছিল; গতিকে তেওঁ নাৱেৰে আহিছিল। ডাঙৰীয়া বাটত থাকোঁতেই কিবা স্বৰূপে জুই লাগি ডিবুৰুগড়ৰ কাছাৰীঘৰটো পুৰি যায়। তেওঁৰ ওপৰত অভিযোগ আনোতা দুষ্ট মানুহ কেইটাই চেলু পাই তেওঁ মানুহ লগাই দি কাছাৰীঘৰ পোৰালে বুলি ডেপুটী কমিশ্যনৰ কৰ্ণেল ক্লাৰ্কক কৈ দিলে