এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[১১]
শাস্ত্ৰত পাৰদর্শিতা লাভ কৰি, তাৰ শেষ পৰীক্ষাত সম্মানেৰে সৈতে উত্তীৰ্ণ হৈছিল। তেওঁৰ ১৯ বছৰ বয়সত আসামৰ শেষ ৰজা পুৰন্দৰ সিংহই[১] তেওঁক ৺কামাখ্যাৰ মন্দিৰত শপত খুৱাই ৰজাৰ ঘাই বেজবৰুৱা পদত নিযুক্ত কৰিলে। আন বেজবৰুৱাসকলে ৰজাৰ নৰীয়া চাই কোনো দৰব-জাতিৰ ব্যৱস্থা কৰিলে, সেই দৰব ডাঙৰীয়াই ভালকৈ পৰীক্ষা কৰি চাই হাতেৰে ছুই
- ↑ ১৬২৬ খৃষ্টাব্দত ইংৰাজ গবর্ণমেণ্ট আৰু ব্ৰহ্মদেশৰ ৰজাৰ ভিতৰত য়াণ্ডাবুত সন্ধি হয়। সেই সন্ধিমতে ব্ৰহ্মদেশৰ ৰজাৰপৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আসাম দেশ পালে। আসাম হাতলৈ আহিলত বৃটিচ গবর্ণমেণ্টে তাৰ এডোখৰ, অর্থাৎ কামৰূপ, নগাওঁ, আৰু দৰং বিভাগ নিজৰ শাসনৰ তলতীয়া কৰি ৰাখিলে। ১৮৮২ খৃষ্টাব্দত হে ডিব্ৰুগড় বিভাগ বৃটিচ গবর্ণমেণ্টৰ হাতলৈ আহে। শিৱসাগৰ আৰু লক্ষীমপুৰ বিভাগ বছৰি ৫০,০০০ টকা কৰত বৃটীচ গবর্ণমেণ্টে পুৰন্দৰ সিংহক দিলে।