এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[১০]
ভাঙ্গি যেতিয়া আসামদেশ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গবর্ণমেণ্টে নিজৰ হাতলৈ আনিলে, ডাঙৰীয়াক কোম্পানীয়ে দেৱানী বিভাগত মহাফেজ কাম দিলে৷ তেওঁ তিনি বছৰ সেই কামত থকাৰ পিছত, বৰতি চাহাবে তেওঁক দেৱানী চিৰস্তাদাৰ পাতিলে।
আসাম ৰজাৰ আজ্ঞাধীন জোৰহাটৰ যাদু অধ্যাপকৰ সংস্কৃত বিদ্যালয়ত দীননাথ বেজবৰুৱাই শিক্ষা পাই, সেই বিদ্যালয়তে, তেওঁৰ ষোল বছৰ বয়সত, দ্বিতীয় অধ্যাপকৰ কামত নিযুক্ত হৈ কিছুদিন শিক্ষা দিছিল। তেওঁৰ পিতৃদেৱতা কৃষ্ণৰাম বেজবৰুৱা আৰু ককায়েক হলিৰাম বেজবৰুৱাৰ ওচৰত, আৰু সেই কালৰ আন আন বৈদ্যবিদ্যাবিশাৰদসকলৰ ওচৰত তেওঁ আয়ুৰ্ব্বেদ, বিদ্যা শিক্ষা কৰি আয়ুৰ্ব্বেদ