সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৯]

হৈ সংসাৰৰ গুৰু ভাৰ তেওঁৰ গাত পৰিলত, ৰুজি-বৃত্তিৰ চেষ্টা কৰিবৰ নিমিত্তে তেওঁ ঘৰৰপৰা ওলাই বিদেশলৈ যায়। মহাৰাজ পুৰন্দৰ সিংহই বৃটিচ গবর্ণমেন্টৰপৰা আসাম দেশ পাই তেতিয়া পঞ্চতীর্থ গুৱাহাটীত আছিল। দীননাথ বেজবৰুৱাই ৰজাৰ সৈতে তাতে সাক্ষাৎ কৰিলত, সৰ্গদেৱৰ সুপ্রসন্ন দৃষ্টি তেওঁৰ ওপৰত পৰিল; আৰু কামাখ্যাৰ মন্দিৰত সৰ্গদেৱে তেওঁক শপত খুৱাই বেজবৰুৱা পাতি নিজৰ চিকিৎসক নিযুক্ত কৰি লগতে উজনিৰ ৰাজধানীলৈ লৈ আহিল ৷ সৰ্গদেৱে ডাঙৰীয়া দীননাথ বেজবৰুৱাই আৰু ককায়েক হলিৰাম বেজবৰুৱাই দিয়া দৰবৰ বাহিৰে আন কোনো বেজৰ দৰব নাখাইছিল। ৰজাৰ দৰ্কাৰত ডাঙৰীয়াই ফৌজদাৰী চিৰস্তাদাৰৰ বিষয় পাইছিল। পুৰন্দৰ সিংহ সৰ্গদেৱক ৰজা