সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৮]

তেবে ইটো চিৰস্তাৰ চিৰদ্দাৰী পাই॥”

 বংশাৱলীৰপৰা তুলি দিয়া পদ কেইফাকিৰ পৰা দেখা যায়, যে ডাঙৰীয়াৰ চাৰি বছৰ বয়সতে মাক ধুকায়; আৰু তেওঁৰ বৌৱেক আৰু বৰ-বাইদেৱেক দুৰ্ব্বী দেবীয়ে তেওঁক তুলি-তালি ডাঙৰ-দীঘল কৰে। তেওঁৰ উনৈশ বছৰ বয়সত[], তেওঁৰ পিতৃদেৱতা কৃষ্ণৰাম বেজবৰুৱা জীয়াই থাকোঁতেই, ককায়েক হলিৰাম বেজবৰুৱাৰ উদ্যোগত তেওঁ প্ৰথম বিবাহিত হয়; আৰু সেই বছৰতে তেওঁৰ পিতৃদেৱতাৰ মৃত্যু হয়। পিতৃবিহীন


  1. ভাৰতত ঠগীবিলাকক দমন কৰোঁতা, সতীযোৱা প্ৰথা ৰহিত কৰোঁতা, ভাৰতৰ মানুহে গবৰ্ণমেণ্টৰ ডাঙৰ বিষয় পাবৰ বাট মোকোলাওঁতা; আৰু ভাৰতৰ মানুহক ইংৰাজী শিক্ষা দিবৰ নিমিত্তে ভাৰতবৰ্ষত ইংৰাজী স্কুল পাতিবলৈ আদেশ দিওঁতা জ্ঞানী, দয়ালু আৰু সজ, নৱমজন গবৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়েম বেণ্টিঙ্ক তেতিয়া ভাৰতবৰ্ষত আছিল।