সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৭]

মোৰ ইষ্টদেৱ গুৰু প্ৰসাদত তৈতি।
বেজৰ বৰুৱা মোক সিটো স্থানে পাতি॥
সঙ্গে আনি বৰ সমাদৰত ৰাখিয়া।
মান্য যশ বিভূতিক দিলে সমৰ্পিয়া॥
বিশেষত মোৰ জ্যেষ্ঠ মই ব্যতিৰেকে।
কাহাৰো ঔষধ ৰাজা নাখায় সম্যকে॥
তাহাৰ কৃপাত তাৰ দৰ্ব্বাৰত ৰই।
ফৌজাদাৰী চিন্তাৰ অধিপতি হই॥
থাকন্তে ৰাজ্যৰ চ্যুত ভৈলেক ৰাজাৰ।
কোম্পানীৰ হস্তগত জানিবা সুসাৰ॥
দেৱানীৰ বিচাৰক স্থানে আনি মোক।
মহাফেজ নাম দিয়া ৰাখিল প্ৰত্যক্ষ॥
বৰতি নামত যিটো চাহাব প্ৰধান।
তেওঁ ভৈল ভাৰাক্ৰান্ত ইটো পায়া স্থান॥
তৃতয় বৎসৰ থাকি তাহাৰ আশ্ৰয়।