এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩]
বেজবৰুৱাৰ পদ দিলে,আৰু উত্তৰ লক্ষীমপুৰ আৰু গৰগাওঁ আদি অনেক ঠাইত ১০০০ পুৰা অৰ্থাৎ ৪০০০ বিঘা নিকৰ মাটি আৰু ধন-ধান্য দাস-দাসী আদি দি পাতিলে। ১৭৬৬ শকত (১৮৪৪ খৃষ্টাব্দত) ডাঙৰীয়া দীননাথ বেজবৰুৱাই ৰচনা কৰা “বেজবৰুৱা বংশাৱলী” পুথিত সেই কথা এইদৰে লেখিছে।
"এহিটো আসামদেশ যদ্যপি বিশিষ্ট।
তথাপি নাছিল পূৰ্ব্বে বিজ্ঞ সাধু শিষ্ট॥
ইন্দ্ৰবংশী ৰাজা নাম বুঢ়া ভগণীয়া।
ভুঞ্জন্ত বিপুল ভোগ ৰাজ্যক লভিয়া॥
সিকালত আমাৰ উপৰি খ্যাতিমন্ত।
কলিবৰ নাম বেদবিদ মহাসন্ত।
আয়ুসবেদত অতি পৰম প্ৰবীন॥
দানী মানী বৈষ্ণৱ যে বিদ্যাত নিপুণ॥