সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[২]

পাণ্ডিত্য আৰু আয়ুৰ্ব্বেদ শাস্ত্ৰত পাৰদৰ্শিতাৰ বিষয়ে, সেইকালৰ আসামৰজা জয়ধ্বজসিংহ সৰ্গদেৱে (যাক বুঢ়াভগণীয়া ৰজা[] বুলিছিল। খৃষ্টাব্দ ১৬৪৮-১৬৬৩।) জানিবলৈ পাই তেওঁক বৰ সমাদৰ কৰি আসামতে ৰাখি ৰজাৰ ধাই


  1. ১৬৬২ খৃষ্টাব্দত যেতিয়া বঙ্গদেশৰ শাসনকৰ্ত্তা নবাব মিজুৰ্মলাই আসাম আক্ৰমণ কৰি আসামৰ ৰজা জয়ধ্বজ সিংহৰ সৈন্যক পানীৰ যুজত আৰু বামৰ যুজত হৰুৱাই, ৰজাৰ ৰাজধানী গৰগাৱত সোমালহি, জয়ধ্বজ সিংহই নবাব গৰগাওঁ সোমোৱাৰ আগেয়েই ৰাজভঁৰালৰ ধন বস্তু লৈ পলাই প্ৰথমতে চৰাইদেও পৰ্ব্বতত আৰু তাৰ পিছত অসমত যমৰ দক্ষিণ দুৱাৰ স্বৰূপ নামৰূপত আছিল গৈ। জয়ধ্বজসিংহ ৰাজধানীৰপৰা এইদৰে ভাগি পলাই গৈছিল দেখি, আৰু তেওঁ বয়সত বুঢ়া আছিল দেখি, তেওঁক বুঢ়াভগণীয়া ৰজা বোলে। এইজন ৰজাই আউনীআটীৰ নিৰঞ্জন বাপুৰ ওচৰত শৰণ লৈ শিষ্য হৈছিল, আৰু এৱেঁই জখলাবন্ধা সত্ৰ সংস্থাপক বিখ্যাত বনমালী গোসাঁইক কুচবিহাৰৰপৰা আনি জখলাবন্ধাত পাতিছিল।