পৃষ্ঠা:টেটোন তামুলী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফুকন।— (আনন্দ মনেৰে) ভাল, স্বৰ্গদেৱে ভাল বুলিলে নো আৰু বেয়া বোলোঁতা কোন্‌ আছে। বোলে, ‘‘ৰজাই ভাল দেখে যাক, ভেঁটিও নেলাগে তাক।’’ মোৰ মন এতিয়া মুকলি লাগিছে, স্বৰ্গদেৱ।

ৰজা।— ডেকা-তামুলিয়ে এতিয়া ডাঙৰীয়াৰ লগতে তেওঁৰ ঘৰলৈ গৈ, যথাবিধি শুভ কাৰ্য্য সমাধা কৰিবলৈ ধৰাঁগৈ।

টেটোন।— ভাল, স্বৰ্গদেৱ-ঈশ্বৰ! আগলৈকো এই অনুগ্ৰহৰ ধাৰ নিছিগে যেন! ডাঙৰীয়া দেউতা আজিৰ পৰা মোৰ ধৰম পিতৃ-দেৱতা হ’ল।


—🟍🟍🟍—
অঙ্কপাত।
—🟍🟍🟍—