একলাখ-এহেজাৰ-এশ মূল্যৰ সোণৰ মোহৰ কাৰ পেৰাত ওলায়, ঘৰলৈ গৈ চালেই হ’ব।
ফুকন।— (উগ্ৰমূৰ্ত্তি ধৰি) ঔ কটা, তই ইমান পালিহি। ইমান কথা ক’বলৈ তোৰ সাহ। এতিয়াই যমপুৰীলৈ পঠিয়াম বুলি জনা নাই তই! (মাৰিবলৈ উঠি যায়)
ৰজা।— ক্ষান্ত হোৱাঁ ডাঙৰীয়া। মোৰ কথা শুনা। সি ভালেই কৈছে। তুমি আগেয়ে কথাবোৰৰ আচল তত্ত্ব লৈ চোৱাঁ। যদি তাৰ কথা সত্য হয়, তেন্তে তুমি খং কৰা মিছা।
ফুকন।— কিনো ক’ম স্বৰ্গদেৱ। এতিয়াহে মোৰ ভাল খ্যাতি আছিল! ইয়াতকৈ মই মৰি যোৱাই ভাল।
ৰজা।— আক্ষেপ নকৰিবাঁ ডাঙৰীয়া। মই কৈছোঁ নহয়, বোলোঁ, যি কৰে ঈশ্বৰে, মানুহৰ ভালৰ নিমিত্তে হে। ইয়াৰ পৰা কি জানি তোমাৰ কিবা ভাল হ’বলৈ হে আছে। অধৈৰ্য নহ'বাঁ।
ফুকন।— (অলপ শান্তমুৱা হৈ) যি বোলে স্বৰ্গদেৱে। মই নো কি মাতিম আৰু!
ৰজা।— আৰু এটা কথালৈ মন কৰিছা নে?—ডেকাটিৰ কেনে বিচক্ষণ বুদ্ধি। বুদ্ধিৰ বলত অসম্ভৱ সম্ভৱ হয়। আৰু, ইয়াৰ নিচিনা অকাট্য যুক্তি কেইটাৰপৰা শুনিবলৈ পাইছিলা? মোৰ বোধেৰে ই সাধাৰণ মানুহ নহয়। ই নিশ্চয় বকৰাণিত গজা ভাল আমৰ পুলি। আৰু, ই বুদ্ধিৰ বলত যে তোমাৰ ঘৰত গৈ তামুলিপীৰা পালে, সেইবাবে ইয়াক আজিৰপৰা মই ‘তামুলি’ খিতাপ দিলোঁ। এতিয়াৰ পৰা ইয়াৰ নাম ‘টেটোন-তামুলি’ হ’ল। আশা কৰোঁ, এতিয়া আৰু তোমাৰ আইদেউক এই ডেকালৈ বিয়া দিয়াত তোমাৰ কোনো আপত্তি নাথাকিব। লোক নিন্দালৈকো নহ’ব। কিয়নো, এইটো ৰাজ-উপদেশ হ’ল।