ফুকন।— (অলপ হাঁহি) সেইটো আৰু নিজৰ ঘৈণীয়েকত বাজে কোনে কৰিব?
টেটোন।— ভাল দেউতা, আমনি নেপাব, আকৌ সোধো, কাক কোনে ভাত খুৱাই দিয়ে?
ফুকন।— সেইটোও একে লগৰে কথা।
টেটোন।— তাৰ পিচে, দেউতা-ঈশ্বৰ! কাক কোনে তামুলীপীৰাত বহুৱাই তামোল খুৱাই দিয়ে?
ফুকন।— এঃ একেবিধ কথাকে কি পাগুলি থাকে এইটোৱে! হেৰ! সেইটো ব্যৱহাৰ বিষয়ানীয়ে বিষয়াক কৰে।
টেটোন – আৰু এটা হে আছেগৈ, দেউতা, আমনি নেপাব, বোলোঁ, কাৰ ধন-সোণ কোনে সামৰি থয়। হ’ল আৰু, দেউতা, খতম্।
ফুকন।— হেৰ, সেইটো নিজৰ গৃহিণীৰ কৰ্ম্ম। তাকো সুধিব লাগিছে নে?
টেটোন।— ভাল, এতিয়া সোধোঁ, মোৰ প্ৰতিও ওপৰত কোৱাৰ নিচিনা ব্যৱহাৰ কোনোবাই কৰে যদি, তেওঁ মোৰ কি হ’ব?
ৰজা।— (হাঁহি মাৰি) কটা, ই বৰ ধেমেলীয়া ডেকা! হেৰ, ময়ে কৈছোঁ, তেনে জনী তোৰ ঘৈণী হ’ব।
টেটোন।— ভাল, স্বৰ্গদেৱৰ কথা যেতিয়া শিলৰ ৰেখা হ’ল। পিছে, মাৰক বা কাটক, এতিয়া আচল কথা কওঁ, ডাঙৰীয়া-দেউতাৰ লগত বন্দীৰ জোঁৱাই সম্বন্ধ ঘটিছে।
ফুকন।— (জ্বলি উঠি) ঔ কটা, চুৱাখোৱা কুকুৰে চল পাই চুবলৈকে আহ দেখোন!
টেটোন।— দেউতা, খং কৰে কিয়? মই ইয়াৰ আগেয়ে কৈ অহা কথা খিনিৰ সম্ভেদ লৈ চালেই বুজিব, এই নিচলা ডাঙৰীয়াৰ ঘৰ-জোঁৱাই হওঁ নে নহওঁ। সৰহ নকওঁ, ডাঙৰীয়াৰ পৰা মই সিদিনা নিয়া