আৰুবাৰ আহিবৰ নিয়ম নাই, সেইটো মই নেজানো। নিয়ম নাই যদি, এতিয়াও গুচি যাওঁ তেন্তে, কি আছে!
ৰজা।— অ, নহয়। বিচাৰৰ নিমিত্তে মোৰ চ’ৰালৈ কুৰিবাৰ আহিলেও হানি নাই। ডাঙৰীয়া, সোধাঁ, তাৰ কি ক’বলৈ আছে।
ফুকন।—(আতঙ্ক চিতেৰে) বাৰু, কচোন হেৰ, তোক কি লাগে।
টেটোন।— (মনতে) লাগে ডাঙৰ বস্তুকে। সিবাৰতকৈ লাখ লাখ গুণে ডাঙৰ। (ফুটাই) খৰ-ধৰ নকৰিব, দেউতা, ধীৰে-শাঁতে শুনক। মই গোটাচেৰেক আউল-লগা কথা মীমাংসা কৰাবলৈ আহিছোঁ।
ফুকন।— (অধৈৰ্য আৰু আওকণীয়া হৈ) বাৰু কৈ যা কি ক’ব লগা আছে।
টেটোন।— এটা এটাকৈহে জনাব পৰা হ’ব। বাৰু, এটা এটাকৈহে মীমাংসা কৰিব লাগিব।
ফুকন।— বাৰু, তই কৈ যাচোন।
টেটোন।—– ভাল দেউতা-ঈশ্বৰ! পোনেই সোধোঁ, কাক কোনে গা-ধুৱাই দিয়ে?
ফুকন।— আপদে-বিপদে বা ৰঙ্গে-ধেমালিয়ে ঘৈণীয়েকে নিজৰ গিৰীয়েকক গা ধুৱাই দিব পাৰে। কিনো বৰ কথাটো, তাকে ৰজাৰ আগত বিচাৰিবলৈ আনিলি?
টেটোন।— নহয় দেউতা, ৰজাৰ আগত কোৱা কথা বুলিলে শিলৰ ৰেখা যেন হয়। সেই হে–
ৰজা।— বাৰু, সোধাত বেয়া হোৱা নাই।
ফুকন।— আৰু, তাৰ পিচে?
টেটোন।— তাৰ পিচে, দেউতা-ঈশ্বৰ, কাক কোনে তিয়নী সলাই দিয়ে?