টেটোন।— (আঁঠু লৈ) স্বৰ্গদেৱ-ঈশ্বৰ! আৰু ডাঙৰীয়া-দেউতা!
ফুকন।— (চঁক্খাই উঠি, মনে মনে) পালেহি আকৌ আপদটোৱে। আজি বা আছে কপালত কি, ঈশ্বৰে হে জানে। (ফুটাই) হেৰ, কোন্ তই? কিয় আহিছ?
টেটোন।— (মনতে) ঔ ৰাম! আজিচোন একেটা উশাহতে দুটা প্ৰশ্ন! (ফুটাই) ডাঙৰীয়া-দেউতাই ওপৰলৈ উধাইছেমানে তললৈ নমনা হৈ হে গৈছে। দেউতাই মোক চিন্ ধৰিব পৰা নাই নে? মই সেই যে মই। এইবাৰৰে সৈতে তিনিবাৰে নিবাৰ কৰোঁগৈ বুলি আহিছোঁ।
ৰজা।— অ, মই চিনিছোঁ তাক। সেই তিনিখনীয়া গোচৰত পৰা টেটোন বোলা ডেকাটো। আৰু, সিদিনা, ডাঙৰীয়া, তোমাৰপৰা যে একলাখ টকা লাভ কৰিছিল, সেই ডেকাটোৱেই এইটো।
টেটোন।— এৰা! স্বৰ্গদেৱ–ঈশ্বৰ হ’লে উধাইছেমানে তললৈ মনা গুণটি চৰি হে আহিছে। স্বৰ্গদেৱে বন্দীৰ নামটোও মনত ৰাখিছে। মোৰ বৰ ভাগ্য!
ৰজা।— হেৰ কটা, তোৰ নামেই টেটোন নহয় নে?
টেটোন।— হয়, স্বৰ্গদেৱ-ঈশ্বৰ! আগলৈকো বন্দীৰ নাম নেপাহৰে যেন।
ফুকন।— (মনতে) আজি ই তিনিবাৰে নিবাৰ কৰে নে, মোক নিপাত কৰে বুজিব পৰা নাই। মাত মাতিলেই মোৰ মতিভ্ৰম হবলৈ ধৰে দেখোন! যি হওক, বিপদত ধৈৰ্য্য ধৰাই হে যুক্তি। (ফুটাই) হেৰ কটা, তই ঘনাই আহিছ কিয়? তোৰ উদ্দেশ্য কি?
টেটোন।— এ, শুনিছোঁ স্বৰ্গদেৱৰ দিনত বোলে প্ৰজাই ‘ৰামৰ ৰাইজ’ পোৱাদি পাইছে। যাৰ যি বিচাৰ কৰাব লাগে, তাক ততালিকে আৰু নিয়াৰিকৈ সুধিবৰ নিয়ম হৈছে বোলে। পিছে, এবাৰতকৈ যে