ৰজাৰ বিচাৰ-চৰা।
(ৰজা আৰু ন্যায়সোধা ফুকন)ৰজা।— ডাঙৰীয়া, আজি কেইদিনমানৰ পৰা তোমাক বৰ চিন্তাযুক্ত দেখিছোঁ দেখোন?
ফুকন।— সঁচা স্বৰ্গদেও! আজি কিছুমান দিনৰপৰা মোৰ গ্ৰহমন্দ হোৱা যেন পাইছোঁ। আৰু, কেইদিনমানৰ পৰা তাৰ অশুভ ফল ফলিয়াবলৈ ধৰিছে। সেই কাৰণে, আজিকালি মোক গা-মন ভাল পোৱা নাই।
ৰজা।— হওঁতে হয়, দিন চাৰেকৰপৰা তোমাক ম্লান পৰি অহা দেখিছোঁ। কিয়নো গা-মন ভাল নাথাকে তাৰ কাৰণ বুজিব পৰা নাই নে?
ফুকন।— কিয় নুবুজিম স্বৰ্গদেৱ। দেখিছেই নহয়, সিদিনা অবাবত সিমানখিনি ধন ভৰণি হ’ল।
ৰজা।— অ, নহয়, সেই বাবে তুমি খেদ নকৰিবা। তুমি অবাবত ভৰণি বুলিছাঁ, কিন্তু তাৰ কিবা এফেৰি মহৎ উদ্দেশ্য আছে। ‘যি কৰে ঈশ্বৰে, মানুহৰ ভাললৈ হে।’ এই কথাৰ ওপৰত বিশ্বাস ৰাখি চলিবাঁ, অৱশ্যে গা-মন ভাল পাবাঁ।
ফুকন।— স্বৰ্গদেৱৰ বুজনি অতিশয় সাৰুৱা। কিন্তু, মনে যে নামানে।
ৰজা।— মানিব লাগিব মনে। তুমি বেচকৈ বুজিবাঁ, ডাঙৰীয়া সকলো অভ্যাসৰ তল।
ফুকন।— ভাল, স্বৰ্গদেৱৰ উপদেশ শিৰেধাৰ্য।
ৰজা।— তোমাৰ সংকল্প যেন সফল হয়।