টেটোন।— ইমানতে আমনি! একলাখ টকাৰ ভাতগাল আগত পাইছোঁ, তাকো এতিয়া মই নিজে হে খাব লাগে?
ৰংদৈ।— কিনো বিলায়ে পালে! আইদেউ, কি কৰে এতিয়া? গোটকড়াই গোটে গোটে চোবাই গুৰি কড়াইত দাঁত ভাঙ্গে নে এতিয়া? দিয়কগৈ খুৱাই এগৰ্হা, কোনে নো দেখিবহি?
চম্পা।— (আপোনা-আপুনি) আজি মোৰ গ্ৰহ মন্দ! (অগত্যা এখুজি-দুখুজিকৈ গৈ ভাত এগৰ্হা কটিয়াই দি আঁতৰি আহে)
টেটোন।— (বাকী ভাত নিজে খাই উঠি তিনিটা ফুটাই উগাৰ মাৰি, তামুলি পীৰাখন পাৰি বহেগৈ) উঃ ৰাম! খুৱালে ভাতসাঁজ যি খুৱাব লাগে। আজিহে মোৰ আত্মা তুষ্ট হ’ল। এক লাখ টকাতকৈও লাখগুণে দৰৰ ভাতসাঁজ পোৱা গ’ল।
ৰংদৈ।— (বটালৈ আঙ্গুলিয়াই) সেয়া তাৰে এখন খোৱাঁ। যাবাগৈহে এতিয়া দেই।
টেটোন।— এৰা, গৰু-চোৰ হ’বলৈ ভাল হ’ল, পঘা ধৰিবলৈ লাজ লাগিছে? ভাত খুৱাই দি তামোলখন খুৱাবলৈ টান পাব নালাগে। নহ’লে এফেৰি মানতে এতিয়া ভাতসাঁজ মোৰ মনৰ জোখাই নহ’ব পিছে।
ৰংদৈ।—আইদেউ! তেনে হ’লেতো সোপাই গ’ল। দিয়কহি খুৱাই নেদেখে কোনেও।
চম্পা।— (চকু-আঁখি মুদি তামোল এখন টেটোনৰ মুখত গুজি দি আঁতৰি ভিতৰলৈ লৰ মাৰে)
ৰংদৈ।— এৰা, আইদেউ গ’লেই। ময়ো যাওঁ, খং কৰিব দেও! তুমি যাবাগৈহে এতিয়া ভকত!
টেটোন।— বাৰু, ময়ো যাওঁ; আকৌ আহিম। সেই ধনৰ টোম দুটা সুমুৱাই থ’বলৈ ক’বি আইদেৱৰাক। (প্ৰস্থান)