টেটোন।— (নেপথ্যত) অহ! আজি হে শুচি হ’লোঁ! আজি মোৰ শিৰত শান্তিপানী পৰিল! (ডাঙৰকৈ) এইখন দেশত তিতা-তিয়নীৰেই থাকে হ’বলা মানুহ? (ৰংদৈ আৰু চাংমাইৰ প্ৰৱেশ। ভাত সজাই থৈ চাংমাইৰ প্ৰস্থান)
ৰংদৈ।— (বাহিৰৰ পৰা) কি হৈছে, কি হৈছে?
টেটোন।— (নেপথ্যৰ পৰা) বোলোঁ, তিতা-তিয়নীৰেই ভাতৰ পাতত বহিবলৈ লাগিব নে?
চম্পা।— ৰংদৈ, তাৰ চুৰিয়াখন আনি দে।
ৰংদৈ।— (চুৰিয়া নি নেপথ্যত দাঙি ধৰি) সলোৱাঁ এইখন।
টেটোন।— (নেপথ্যত) ইঃ! লাখটকীয়া ভাতৰ পাতত বহিবলৈ মই এতিয়া নিজে হে তিয়নী সলাই যাম?
ৰংদৈ।— (নেপথ্যত) অ, মই সলাই দিবগৈ লাগে?
টেটোন।— লাখ টকীয়া আইদেউ হ’বলৈ তোৰ ভাইগ্ নাই বুলিছ নহয়?
ৰংদৈ।— (নেপথ্যত) আইদেউ! শুনিছেই নহয়? গা ধুৱাই দিলেই; দিয়কহি চুৰিয়াখনো সলাই, কোনে নো দেখিবলৈ আহিছে?
চম্পা।— চুচুক-চামাককৈ কাষ চাপি গৈ চকু-আঁখি মুদি তিয়নী সলাই দি আহি লাজত মুছ্কঁছ্ যায়!)
ৰংদৈ।— সৌৱা, বহাঁগৈ এতিয়া ভাতৰ পাতত। (টেটোনে পলম কৰা দেখি) যোৱাঁ আকৌ, কি গুণিছাঁ? এতিয়া ধনলৈ মোহ লাগিছে হ’বলা?
টেটোন।—বহোঁগৈ বাৰু। ধনৰ মোহ নাই আৰু; মোহ বাঢ়িছে ধনৰ গৰাকীয়নীলৈ হে। (লাহে লাহে গৈ ভাতৰ পাতত বহি ৰৈ থাকে)।
ৰংদৈ।— খোৱাঁ আকৌ, ৰৈ আছাঁ কেলেই? তোমাৰ আল-পৈচান ধৰি আৰু আমনি লাগিছেহি দেও!