পৰ্যায়ৰ চেমিনাৰত ভাগ ল’বলৈ। বৰকৈ যোৱা নহয় বাবে শনি-ৰবিবাৰ মিলাই ভনীজনীৰ
তাত থাকিলোগৈ। তেতিয়াই খানাপাৰাত আচম্বিতভাৱে ৰজতক লগ পাই গলো।
একপ্ৰকাৰ জোৰ কৰিয়েই সি তাৰ চকচকীয়া জেনত উঠাই তাৰ ঘৰলৈ লৈ গ'ল। মই
আচলতে তাক দেখা পায়েই একে উশাহতে তাক বহু প্ৰশ্ন কৰিছিলো। কিয় এনেকে
পলাই আহিলা, মানসীক কিয় ঠগিলা, মোক কিয় এবাৰো যোগাযোগ নকৰিলা ইত্যাদি
ইত্যাদি। গাড়ী চলাই যাওঁতে সি কৈ গ'ল যে হঠাতে সি এটা ভূল কৰি পেলাইছিল।
মানসীক ভাল পাইছিল যদিও যৌৱনৰ উদ্দাম আহ্বানত সি অনু নামৰ ছোৱালী এজনীক..
অনুৰ গৰ্ভত তাৰ সন্তানে স্থিতি লোৱাত সি গোলাঘাটৰ পৰা তাইক লৈ গুচি আহিল
আৰু তাইকেই বিয়া পাতিলে।
: ভাল কথা। কিন্তু মানসীক জনাই আহিব লাগিছিল।
মই কৈছিলো।
: ভূল এটা কৰিছিলোৱেই। কি মুখেৰে তাইক কলোহেঁতেন?
ৰজতৰ ঘৰ পাইছিলো। সুসজ্জিত ড্ৰইংৰূমত মোক বহুৱাই সি তাৰ অনুক
মাতিবলৈ সোমাই গ'ল। মনটো মোৰ উগুল-থুগুল। কোন অনু?ক’ত লগ পালে সি
?বিশেষকৈ মানসীৰ উপস্থিতিত সি ক’ত, কেনেকৈ অনুৰ লগত....
: এয়া বাইদেউ। মোৰ অনু। আপুনি চিনি পাবই।
দুবছৰীয়া ল’ৰা এটাক হাতত ধৰি ৰজতৰ পিছে পিছে সোমাই অহা যুৱতীগৰাকী
মোৰ চিনাকি? ৰঙা মেখেলা চাদৰ, ডাঙৰ খোপা, কপালত সেন্দুৰৰ ফোঁট-বৰ ধুনীয়া
ৰজতৰ কইনাজনী। এৰা, মই তাইক চিনি পালো। তাইক মই পিছে ৰাধা বুলিহে
জানিছিলো। মানসীহঁতে ৰাধা বুলি মতা শুনিছিলো , সিহঁতৰ ঘৰলৈ গলে। সিহঁতৰ
ঘৰৰ বনকৰা ছোৱলী ৰাধা। ৰজতৰ অনু। তাৰমানে তাই অনুৰাধা!
OOOOO