পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তাই গ্ৰাহ্যই নকৰিলে পেন্দুকণা ল'ৰাটোৰ কথা। সি তেতিয়া ইঞ্জিনিয়াৰিঙত

নামভৰ্তি কৰিছে। হঠাৎ অন্ধতীৰ ভাৱ হ'ল, তেন্তে সি ধিমানেই নেকি? চলিহাক

তাই সুধিব নেকি ল'ৰাটোৰ নাম? কিন্ত তেওঁ কি ভাবিব? যদি তেওঁ বুজি পায় কথাটো

গণ্ডগোলীয়া বুলি? তাতে ল'ৰাটোৰ গাৰ্লফ্ৰেণ্ডৰ নাম অৰুন্ধতী বুলিতো তেওঁ

জানিছেই! ছিঃ তাৰ সাহসতো কম নহয়। সবৰে সন্মুখত কেনে আছে অৰুন্ধতী বুলি

সুধি পেলালে। প্ৰেমে সঁচাই বয়সৰ বাধা নামানে। তাই আনৰহৈ যোৱাৰ পিছতো, এটা

সন্তানৰ মাক হোৱাৰ পিছতো তাৰ দৃষ্টিত তাৰ প্ৰেয়সী আৰুন্ধতী হৈয়েই থাকিল।

চলিহা হাঁহি হাঁহি সোমাই আহিল।

 : চোৱাচোন ল'ৰাটোৰ কাণ্ড। অৰুন্ধতীৰ লগত"মেম” নোকোৱাৰ বাবে

ফোনত চৰি কলে এইমাত্ৰ। অৰুন্ধতীয়ে সেমেকা হাঁহি মাৰিলে।

 : এদিন সি তাৰ অৰুন্ধতীক লৈ তোমাক লগ কৰিবলৈ আহিব হেনো।

ধিমান,ধিমান তাৰ নাম।

 অৰুন্ধতীৰ ভৰিৰ তলৰ মাটিখিনি খহিব ধৰা যেন লাগিল। চকুৰ আগতো

অন্ধকাৰ। ধিমানে কাক লৈ আহিব? চলিহাই নেদেখা তাৰ আন্তৰাত্মা জুৰি বিয়পি

থকা অৰুন্ধতীকেইনে??

OOOOO

৫৮