পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টিচাৰ্ছডে'

 

 শিক্ষকতা কৰা অৰুনাভ শৰ্মাৰ দহ বছৰ হ'ল। বি.এ.পাছ কৰিয়েই সোমাইছিল হাইস্কুলৰ চাকৰিটোত। সেই যে সোমাল, এক আত্মীক সমন্ধৰে বান্ধ খালে তেওঁ স্কুলখনৰ লগত। বিদ্যালয়খনৰ বাবে জীৱনৰ সমগ্ৰ উজাৰি দিলেও মাজে মাজে তেওঁ থমকি ৰয়। নিজকে প্ৰশ্ন কৰে। কি দিলে এই বিদ্যালয় তথা সমাজে? এটা নাম ভেন্সাৰ মাষ্টৰ। পাৰহৈ যোৱা দহটা বছৰত তেওঁৰ চকুৰ সন্মুখত হৈছে বহু পৰিৱৰ্তন। বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মানসিকতাৰ পৰিৱৰ্তন একেবাৰে নিদাৰুণ। আগৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকক শ্ৰদ্ধা কৰিছিল, তেওঁলোকৰ আদেশ-উপদেশ শিৰোধাৰ্য্য কৰিছিল, আনকি গালি- শপনি কাণচেপা, চৰবোৰ আশীৰ্বাদ হিচাপে লৈছিল। কিন্তু কিছু বছৰৰ পৰা পৰিৱেশ ক্ৰমশঃ সলনি হৈ আহিছে। বিদ্যাৰ্থীক নিয়ন্ত্ৰণ কৰা বা কঠোৰ হাতেৰে দমন কৰা নীতি এতিয়া নিয়ম বহিৰ্ভুত। এক অপৰাধ। বস্তুবাদী পৃথিৱীত শিক্ষকসকলৰ মৰ্যাদা যেন ক্ৰমশঃ পশ্চিমলৈ গতি কৰিছে। সেয়া মানি ল'বলৈ কষ্ট হলেও শৰ্মাহতে নিজকে সান্ত্বনা দিয়ে। কৰ পৰা কেনেকে এই হৃত সন্মান পুনৰুদ্ধাৰ কৰিব পাৰি সেয়া শৰ্মাই মাজে মাজে চিন্তা কৰে। তেওঁ ভাবি আচৰিত হয়, ল'ৰা-ছোৱালীবোৰ ইমান স্বাৰ্থপৰ, বেপেৰোৱা হৈ উঠিছে কিয়? আন দিনৰ কথা বাদেই দিলে তেওঁ। কিন্তু আজিতো অন্ততঃ এষাৰি সম্ভাষণ, অলপমান শ্ৰদ্ধা যাচিব লাগিছিল। শিক্ষক-শিক্ষয়িত্ৰী কাষেৰে পাৰ হৈ গ’লে একাষৰীয়া হৈ থিয় দিয়া বা মূৰ নত কৰাৰ সলনি অনুচ্ছসুৰত কমেন্ট পাছ, এষাৰি গীত বা সুহুৰি ...উফ্‌। ক্ৰমাৎ যন্ত্ৰণাদায়ক হৈ উঠিছে শিক্ষকতাৰ দৰে মহান কামটোও।

 কিছু বছৰ আগলৈকে ৫ ছেপ্টেম্বৰৰ দিনা ছাত্ৰ-ছাত্ৰীবোৰ দলেদলে টিচাৰ্ছ

.