পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : আৰে, ময়াে আজি ফাৰ্ষ্ট টাইম ওলাইছাে বে।

 : গুড লাক্।

 : আচ্ছা ব’ল একাপ একাপ চাহ খাই লওঁ। তােৰ হাতত সময় আছেতাে ?

 : বহুত । চিন্তা নাই,ব’ল।

 ভেলুৰ সস্তীয়া দোকাণত চাহ-চপ খাই খাই দুয়াে নিজৰ নিজৰ কামৰ কথা

 আকৌ পাগুলিয়ালে।

 : পিছে হিমান, তােৰ বেগত কি লৈ ওলাইছ নকলি দেখােন। কোনােবা

 কম্পেনীৰ বস্তু বিকিবলৈ ওলাইছ নেকি?

 :তই যদি কাকো নকবি বুলি তােৰ মৰা বাপেকৰ শপত খাৱ, মই তােক

 আচল কথা কম।

 : শপ্পত।

 :মই এটা গেঙত সােমাইছাে। বেগত এটা বম আনিছাে। গণেশগুৰিত ফুটাব

 লাগে।

 : মাইৰি। গেংষ্টাৰ বনি গলি?

 : ষ্টাৰ বনা নাই ৰ। দুবাৰমান চাকচেচ্‌ হ’ব লাগিব। আৰু তই ?

 :কাণখন ওচৰলৈ আন। মই পিষ্টল চলােৱা ট্রেইনিং ল’লাে এমাহ ৷ এতিয়া

 ওলাইছাে মানুহ টপ্‌কাবলৈ। চুপাৰি লৈ কাম কৰিম।

 : বাঃ মুম্বাইয়া ষ্টাইলৰ চুপাৰি কিলাৰ ?

 : কিন্তু ইন্টাৰেষ্টিং কথাটো হ’ল আমাৰ দুয়ােৰে আজি প্রথম কাম। ভয়

 লগা নাইনে?

 : লাগিছে। বিবেক দংশনাে হৈছে। আমিনাে বাৰু মানুহ মাৰিব পৰা মানুহনে ?

 : কি কৰিবি ? ভাগ্যত যে বেলেগ কাম নাই!আচ্ছা পেমেন্ট পালিনে ?

 : ফিফটি পাৰচেন্ট। তােৰ ?

 : একেই।

 : আচ্ছা এটা কাম কৰাে বল। ফুটপাথত যে ভিখাৰীসােপা লাইন পাতি

 থাকে, তাতে বমটো ফুটাই দিও।

৪৫