পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

লেখিকাৰ দু-আষাৰ...

  “আত্মজাহ” আৰু ‘Echoes from my Handique Years’ ক আদৰি লোৱা বাবে পঢ়ুৱৈ সমাজৰ ওচৰত মই কৃতজ্ঞ৷

 বাতৰিকাকতত প্ৰকাশিত মোৰ “টিচাৰ্ছ ডে” নামৰ এক মিনিটৰ গল্পটোৱে পঢ়ুৱৈ সমাজৰ বিপুল সহাঁৰি লাভ কৰাৰ ফলশ্ৰুতিত “টিচাৰ্ছ ডে আৰু একুঁকি গল্প” নামৰ এই সংকলনটিয়ে জন্মলাভ কৰিছে। দীঘলীয়া গল্প উপন্যাস পঢ়ি ভাল নোপোৱা, সাহিত্যনুৰাগী পঢ়ুৱৈ সকলৰ প্ৰতি এই গল্পৰ সম্ভাৰ উৎসৰ্গা কৰিলোঁ।


ডেইজী দাস বৰুৱা
২২নভেম্বৰ, ২০১১চন
বঙাইগাঁও।