সমললৈ যাওক

পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নামটো সুধিলে। নিজৰটোও ক’লে। ৰাতি ভাত খাই উঠি তাই মাহীয়েকলৈ ফোন

কৰিলে।

 : মাহী তােমাৰ এটা কথা মনত আছেনে ? মােৰ বিয়াৰ দুমাহমান আগতে

এজন এডভােকেটে যে মােক চাই খীন বুলি ৰিজেক্ট কৰিছিল ?

 : অ’। প্রজ্ঞান চলিহা ? আজিকালি সি মেজিষ্ট্রেট। তাৰ ভনীয়েকক লগ

পাই থাকো নহয়। কাকলি চমকি উঠিল। তাইৰ তাইৰ সন্দেহ তাৰ মানে সঁচা ? তাইৰ

স্বাস্থ্য বহু ভাল হ’ল বাবে চাগে তেওঁ তাইক চিনি নাপালে।

 পিছে প্রজ্ঞান চলিহায়াে তাইৰ পৰিচয় উদ্ধাৰ কৰিলে। ছিঃ। খীন বুলিয়েই

তাইক প্রত্যাখ্যান কৰিছিল তেওঁ। এতিয়া তাই ইমান আকর্ষণীয় হৈ পৰিছে। আৰু

তাইৰ এইডচ্‌ৰ এন.জি.ও.ত কাম কৰা কথাটোত যে তেওঁ আপত্তি কৰিছিল

যােৱাবছৰ এই ‘লাইফ’ নামৰ এনজিওটোৱে ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰা কথাটো তেঁওৰ

মনত পৰিল।

 দুয়াে বুজিলে, দুয়াে জীৱনত একোটা ডাঙৰ ভূল কৰিছে। কিন্তু ভৱিষ্যতে

মুখামুখি হ'লে অচিনাকি মানুহৰদৰে থাকিবলৈ দুয়াে সিদ্ধান্ত ল'লে। অতিতত কৰা

ভূলৰ শুধৰণিয়ে দুয়ােৰে জীৱনলৈ ধুমুহা নমাই নানক বুলিয়েই।


00000

৩৬