পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : ব্রেভাে। বৰ সুন্দৰ কথা। আপােনাৰ ঘৰ ?

 : নগাওঁত।

 : ওহ্‌। একেখন ঠাইৰে বাসিন্দা আমি। ভাল কথা। আপােনাৰ এন.জি.ও.

কিমান পুৰণি ?

 : প্রায় দহবছৰ।

 : তাৰমানে বহুত কাম কৰিছে আপােনালােকে ?

 : মােটামুটি আপােনাৰ নগাঁওত কিমান বছৰ হ’ল ?

 : দুমাহ আগতে আহিছাে,যােৰহাটত আছিলোঁ। আপােনাৰ সপৰিয়াল ?

 : মােৰ স্বামী এজন প্ৰৱক্তা। ফিল’চফীৰ। লৰাটো ক্লাচ থ্রিত। আপােনাৰ ?

 :মােৰ পত্নী এগৰাকী ইন্টিৰিওৰ ডিজাইনাৰ। ছােৱালীজনী ক্লাচ টুত। মাক

জীয়েক গুৱাহাটীত আছে।

 কিবা এক অচিন-অজান আকর্ষণত দুয়াে আধাঘন্টা কথা পাতিলে। প্রজ্ঞান

চলিহাৰ কাকলিক খুব ভাল লাগিল। নিজৰ পত্নী গৰিমাৰ লগতাে ৰিজায়াে চালে মনে

মনে। উগ্র আধুনিকা, ঘৰ-সংসাৰৰ ঝামেলাৰ পৰা বহু নিলগত বন্ধু-বান্ধৱীৰে

পৰিৱেষ্টিত পৰিৱেশত অভ্যস্ত। গৰিমা গুৱাহাটী এৰি আহিলে ব্যৱসায়ত ক্ষতি হব

বুলি ভাৱিয়েই চলিহাৰ লগত নগাঁওলৈ নাহিল। বিবাহিত জীৱনত তেওঁ সুখী নহয়।

গৰিমা তেওঁৰ উপযুক্ত জীৱন লগৰী নহয় বুলি অৱশেষত তেওঁ পতিয়ন গৈছে। যদি

এই মানুহগৰাকী, মানে কাকলি যদি তেওঁৰ জীৱনসঙ্গী হ'লহেঁতেন!

 একেধৰণৰ কথা কাকলিয়েও ভাবিছে। নিৰঞ্জন বৰ বেৰসিক মানুহ।

ফিল’চফীৰ মানুহ মানে একেবাৰে ফিল’ চফীকেল, দার্শনিক। কাকলিৰ ঠিক যেন

মনৰ মানুহ নহয়। প্রজ্ঞান চলিহাৰ আকর্ষণীয় ব্যক্তিত্বই কাকলিক একপলকৰ বাবে

হ’লেও ভবাই তুলিলে।" যদি এওঁৱেই হ'লহেঁতেন মােৰ জীৱন লগৰী..."

 কাকলিৰ বাচ আহিল। চলিহাই তেওঁৰ গাড়ীত যাবলৈ প্ৰস্তাৱ দিছিল যদিও

কাকলিয়ে মানা কৰিলে। বদনামলৈ বৰ ভয় তাইৰ। যাবলৈ ওলাই কাকলিয়ে তেওঁৰ

৩৫