পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এদিন হঠাৎ

 

 চহৰৰ উপকণ্ঠৰ আওহতীয়া শিলিখাতলী নামৰ এই ঠাইখনৰ গুমতি্‌ৰ দৰে

চাহ-দোকান খনত বহি কাকলিয়ে চাহ খাই আছে। ঠাইখন খুব সৰু যদিও কাকলিৰ

ভাল লাগে, আজিতাই এসপ্তাহ ধৰি আহি আছে ইয়ালৈ। "লাইফ" নামৰ এন.জি.ও.

এটাৰ তাই চুপাৰ ভাইজাৰ। এইডচ্‌ সম্পর্কে সজাগতা গঢ়ি তােলা "লাইফ" মূল

উদ্দেশ্য। দেখাত সৰু হ’লেও শিলিখাতলীৰ দৰে চহৰৰ উপকণ্ঠৰ অঞ্চলবােৰত যৌন

অপৰাধ আৰু দেহব্যৱসায়বােৰে ঠন ধৰি উঠিছে। ভালেমান ঠাইত এইডচ্‌ সজাগতা

শিবিৰ পাতি সফল হৈছে কাকলিহঁত। ইয়াতাে ভাল সহাঁৰি পাইছে ৰাইজৰ।

 : বাইদেউ আজি অকলেযে ?

 : বাকীদুজনক বেলেগ ঠাইলৈ পঠাইছাে বাবে মই অকলেই আহিব লগা হ’ল।

 এইকেইদিনত চিনাকি হৈ যােৱা গুম্‌টিৰ ল'ৰাটোৰ লগত তাই কথা পাতে।

ঠিক তেনেতে বগা ইণ্ডিকা এখন অলপ আঁতৰত ৰােৱাত গাড়ী চলাই অহা মানুহজন

গুম্‌টিলৈ আহি একাপ চাহ বিচাৰিলে।

 : আপুনি ইয়াৰে ?

 চাহকাপ লৈ সম্ভ্ৰান্ত লােকজনে কাকলিক সুধিলে।

 : নাই নহয়। কাম এটাত আহিছিলাে। বাচলৈ ৰখিছাে। আপুনি ক'ৰ পৰা

আহিছে ?

 মই নগাঁওলৈ ওলাইছাে। পেছাত এজন মেজিষ্ট্রেট। আপুনি কিবা কৰে ?

 : এন.জি.ও.এটাৰ হৈ কাম কৰি আছো। এইডচ্‌ সজাগতা সম্পর্কে।

৩৪