পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তাই আচৰিত আৰু বিৰক্তও হ’ল। ও, তাৰমানে তাইক তেওঁ পুতৌ

কৰিছে ?

 : বেয়া নাপাব মিচ্ তনুশ্রী । আপুনি মেনেজিং কমিটিৰ প্রথম পছন্দ

নাছিল। কিন্তু মই জানাে, ভাল চাকৰি এটা নাথাকিলে ভাল জীৱনসঙ্গী এজন

পােৱাটো কষ্টকৰ। আশা কৰোঁ এইটো চাকৰিয়ে আপােনাৰ সমস্যাৰ সমাধান উলিয়াই

দিব। শৰীৰৰ তেজবােৰ উতলি অহা যেন তাইৰ অনুভৱ হ’ল। অৰুনাভে আজিও

তিনিবছৰ আগৰ কথাটোত গুৰুত্ব দিছে। তাইক বিয়া পাতিও সি তাইক চাকৰি এটা

যােগাৰ কৰি দিব পাৰিলেহেঁতেন। আজি দয়া কৰিছে এইটো ভাবি যে আজিলৈ তাইক

কোনেও পছন্দ কৰি বিয়া পতা নাই একমাত্র চাকৰি এটাৰ অজুহাতত।

 : মই আচল কথা কোৱাই নাই। মােৰ ভাৱী স্বামীয়ে মােক চাকৰি কৰিবলৈ

নিদিয়ে। আচলতে চাকৰি নকৰোঁ বাবেই তেওঁ মােক বিয়া পাতিবলৈ ওলাইছে। গতিকে

আপােনালােকৰ পছন্দৰ প্ৰাৰ্থীক নিযুক্তি দিব পাৰে। ধন্যবাদ।

 হাততে পােৱা বহু প্রত্যাশিত চাকৰি এটাক লাঠ মাৰি বুৰ্বকামী কৰা যেন

লাগিল যদিও অৰুনাভৰ ঔদ্ধত্যৰ উচিত প্রত্যুত্তৰ দি হতভম্ব অধ্যক্ষক নমস্কাৰ জনাই

তাই গৰগৰাই কোঠাৰ পৰা ওলাই গ'ল। ভাগ্য ভাল, যতীনক চাকৰি পােৱাৰ খবৰটো

দিয়া হােৱা নাছিল!


00000

৩৩