জনালে হ'ব।
যতীনৰ লগত তাইৰ বিয়া ঠিক হৈ আছে। আৰু চাৰি মাহ আছে বিয়ালৈ।
বাৰিষা বিয়া পতাত দুয়ােৰে আগ্ৰহ নাই বাবে অক্টোবৰত তাৰিখ এটা লৈ থােৱা হৈছে।
যদিও তাইৰ ভাল চাকৰি নথকা কথাটোত যতীনৰ আপত্তি নাই,তনুশ্রীয়েহে
নিৰাপত্তাহীনতাত ভােগে। তাইৰ মনত পৰে অৰুনাভ ওজালৈ। আজি তিনিবছৰ
আগতে তাইক চাবলৈ আহিছিল মানুহজনে। এজন ঘােচখােৰ বি.ডি.অ. আছিল
তেওঁ। বহু টকা, বহু সম্পত্তি। তথাপি তনুশ্রীৰ ক্ষেত্ৰত তেওঁৰ আপত্তি আছিল তাইৰ
ভাল চাকৰি এটা নথকা কথাটোত।
"আজিকালি এম.এ., বি.এড,- এইবােৰ কমন ডিগ্রী। প্রায় সকলােৰে
থাকে।কিন্তু চাকৰি এটা নাথাকিলে নিজৰ ওজন অলপ কমি যায় বৈবাহিক জীৱনত।"
শ্রীমান ওজাৰ কথাখিনিত তাৰ মাকে অলপ আপত্তি দর্শাই কৈছিল-
: ছােৱালীজনীৰতাে ডিগ্রীবােৰ আছেই, তই কাম এটা যােগাৰ কৰি দিবি।
: তাত তেওঁৰ ক্রেডিট কত থাকিব ? তেওঁ ভাল নাপাবও পাৰে।
খােলাখুলিকৈ তনুশ্রীক তেওঁ প্রত্যাখ্যান কৰিছিল। পিছত তাই শুনিছিল তেওঁ
নার্চ এগৰাকীক বিয়া পতা কথাটো। হাঁহি উঠি গৈছিল তাইৰ।
পিছদিনা ১১টাত তাই কলেজৰ অধ্যক্ষৰ কোঠাত ভূমুকিয়ালে। চাহ একাপেৰে
তাইক অপ্যায়িত কৰি অধ্যক্ষ গােস্বামীয়ে সেই মূহুৰ্তত তালৈ সােমাই অহা
মানুহজনৰ সৈতে তনুশ্রীক চিনাকি কৰাই দিলে-
: এওঁ আমাৰ কলেজৰ ট্রাষ্টী,শ্রীমান অৰুনাভ ওজা। ইয়াৰে বি.ডি.অ।
মনৰ উচ্পিচ্ ভাৱ লুকুৱাই তাই নমস্কাৰ জনালে।
:ওজা ডাঙৰীয়াৰ হস্তক্ষেপত আমি প্রথমে বাছনি কৰা সুনীল গগৈৰ নাম
কাটি,মহিলাৰবাবে সংৰক্ষিত বুলি দেখুৱাই আপােনাকেই নির্বাচিত কৰিলো।