পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কোকৰাঝাৰলৈ গৈছে, লাজ পাই নিৰজাহঁতাে গুচি গ’ল। আৰু এদিন নিৰজাই

আধাবাটৰ পৰা তাইলৈ ফোন কৰি “এওঁ গুৱাহাটীলৈ গৈছে নহয়, অকলে বেয়া লাগি

আছে। তােমাৰ তালৈ বুলি ওলাই আহিছােঁ ,বুলি জনালে। অবিনাশ ৰাতিৰ ট্রেইনত

গুৱাহাটীৰ পৰা আহিব, তাৰমানে নিৰজা বহু ৰাতিলৈ বহিব। ভাতাে খাব। লগে লগে

জয়িতাই আক্ষেপেৰে কলে, "ইচ্ ৰাম। অলপ আগতে ফোন নকৰিলি কিয় ? মই

বার্থডে পার্টি এটালৈ ওলালাে নহয়। ভাত খাইহে আহিম। আজিকালিতাে জানাই,

বার্থডেতাে ভাত খুৱায়।"

 নিৰজাক আহিবলৈ বাৰণ কৰিয়েই ক্ষান্ত নাথাকি অংকুৰৰ জন্মদিনত লেৰেলা

খানা খুওৱাৰ বাবেও এষাৰ পৰােক্ষভাৱে শুনালে জয়িতাই।

০০০০০