নােসােমায়। (পার্টটাইমৰ বায়ে ৰন্ধাবঢ়া কৰি দিয়ে সেই দুদিন), তেতিয়া তাই
আলহী আহিলে বেয়া পায়।
চাবলৈ গ’লে আটাইকেইটা চর্তই যুক্তিপূর্ণ। অন্যথা জয়িতা বেচ
অতিথিপৰায়ণ। হঠাতে চাহ খােৱা আলহী আহিলে মালপােৱা, ওমলেট, চেৱৈ বনাই
খুৱায়। খবৰ নিদিয়াকৈ অহা (দূৰৈৰ পৰা বিয়াত মাতিবলৈ অহা) আলহীক ভাত খুৱাবলৈ
হ’লে পাপৰ, পকৰি, কনী, আলুভাজি দি নাইবা চাটনি বটি ভালকৈয়ে এসাজ খুওৱাত
তাই সিদ্ধহস্ত।
তাইৰ পৰিচিত মানুহবােৰৰ ভিতৰত এনে কিছুমান মানুহ আছে যাৰ ঘৰলৈ
গ’লে জয়িতাই ভাল অপ্যায়ণ নাপায়। চাহ বিস্কুটৰ ওপৰলৈ সিহঁত কেতিয়াও নুঠে।
লাগিলে যিমানেই আন্তৰিকতাৰে জয়িতাক সিহঁতৰ ঘৰলৈ নিমন্ত্রণ নকৰক কিয়। বা
জয়িতাই ফোন কৰিয়েই নামাতক কিয়!জয়িতাৰ গিৰিয়েকৰ বাল্যবন্ধু এজন, অবিনাশ
শৰ্মা আৰু তাৰ ঘৈণীয়েক নিৰজা - জয়িতাৰ সাংঘাটিক অপ্রিয় ব্যক্তি। কিমান সাঁজ
ভাত, কিমান কাপ চাহ (লগতে মিঠাই-চিঙৰা) সিহঁত তিনিটাই (পুতেক অংকুৰক লৈ)
জয়িতাহঁতৰ ঘৰত আদায় কৰিলে, তাৰ হিচাপ জয়িতাই ৰাখিছে। অথচ যােৱা ৫ টা
বছৰ ধৰি (শর্মাই বিয়া পতাৰ পিছত) জয়িতাহঁতৰ ঘৰত মাত্ৰ চাহ-লুচি ঘুগনী খাইছে।
তাকো অংকুৰৰ জন্মদিনৰ পাৰ্টিত। খুব ধুমধামকৈ, স্বচ্ছলভাৱে জন্মদিন পতা বুলি,
ঢাক-ঢােল বজাই অলপ ৰাতিকে যাবি বুলি মাতি যােৱাৰ পিছত যেতিয়া লুচি-ঘুগনী-
কেক-মিঠাই খুৱাই ৯ টাত সিহঁতক বিদায় জনায়, জয়িতাৰ মূৰৰ তাৰ চিঙি যায়। ঘৰলৈ
আহি আকৌ আলু-কণী পিটিকাৰে আৰু দাইল বনাই খাবলগীয়া হয়। শর্মা-শর্মানীক
জয়িতাই এবাৰ উচিত শিক্ষা দিলে। ৰাতি আঠটাত এদিন ফুৰিবলৈ আহি ওলােৱাত
তাই সিহঁতৰ সন্মুখতে গিৰিয়েকলৈ মিছকল এটা পঠিয়াই সিহঁতে শুনাকে ক’লে,
: অলপ সােনকালে আহিব পাৰিবানে ? এই নিৰজাহঁত আহিছে। অলপ কথা
পাতিব পাৰিবা, মােৰ সাংঘাটিক মুৰ বিষাইছে। বমি বমি লাগি আছে...অ’ ঠিক আছে।
জয়িতাই জানে গিৰিয়েক ৯টাৰ আগতে আহি নাপায়। অফিচৰ কামত