পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অতিথি

 

 জয়িতাই আলহী অতিথিৰ অপ্যায়ণ কৰি বৰ বেয়া পায়। ঘৰলৈ আলহী

অহাটোৱেই তাইৰ কাম্য নহয়। হঠাতে, কিবা প্রয়ােজনত, কোনােদিনে নহা মানুহ

আহিলে অৱশ্যে ভালদৰেই সােধ-পােছ কৰে। আলহীগৰাকী/বোৰ যিমানেই আপােন

মানুহ নহওঁক কিয়, ঘনাই চাহ-ভাত খাওঁ বুলি আহি থাকিলে আৰু বিশেষকৈ কথাৰ

মহলা মাৰি ঘন্টাৰ পিছত ঘন্টা ধৰি বহি থকাৰ প্রৱণতা ৰাখিলে তাইৰ মুৰৰ কামােৰণি

আৰম্ভ হয়। চুবুৰীয়া, বন্ধু-বান্ধৱী আদিক ফোনত বা বাটত লগ পালে “যাবাচোন /

যাবিচোন আমাৰ ফালে এপাক” বুলি নিমন্ত্ৰণটো ঠিকেই আগবঢ়ায়। কিন্তু যিদিনা

সেইগৰাকীয়ে ফোন কৰে, ‘তুমি আছানে ঘৰত’, লগে লগে জয়িতাই নঞর্থক ভাৱভঙ্গী

লৈ লয়।

 : মই ঘৰত নাই দেখােন। কিবা কবি ?

 :নাই, মানে তােৰ তালৈ যাব খুজিছিলাে ..

 : এহ, আজিহে সময় পালি? কালি আহ নহ’লে। আবেলিৰ ফালে। পাৰিলে

এবাৰ ফোন কৰি লবি দেই। বাই।

 সদায় সকলােকে এনেধৰণে উপেক্ষা কৰাৰ নজিৰ নাই। বিশেষ কেইটামান

পৰিস্থিতিতহে তাই এনে কৰে। কেতিয়াবা টিভিত তাই উপভােগ কৰিব খােজা বহু

প্রতীক্ষিত চিনেমা এখন থাকিলে তাই আলহীৰ প্রত্যাশা নকৰে। কোনাে অতিথি

সন্ধিয়াৰ পিছত আহিব ওলালে তাই বেয়া পায়ে। বুমন আৰু ৰিমলিক পঢ়ুৱাব লাগে,

সিহঁতে অকলে নপঢ়ে। আৰু মাহেকীয়াৰ প্ৰথম দুদিন যেতিয়া তাই পাকঘৰত

২৬