পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূঞাৰ ওচৰলৈ কেবাবাৰাে আহিছে। কিন্তু অনামিকা মান্তি হােৱা নাছিল।

 শাহুৱেকৰ বাৰম্বাৰ বুজনি আৰু প্রবালৰ সাহচর্যই এটা সময়ত অনামিকাক জব্দ

কৰি পেলালে আৰু তাই সিদ্ধান্ত এটা লৈ পেলালে। কিন্তু তাই বিয়া পাতি গুচি গ'লে

শাহুৱেক অকলশৰে কেনেক থাকিব ? মানুহগৰাকীক নিঠৰুৱা কৰি তাই কি

সতে যাব ?

 : আপােনাৰ বাবে মই কি ভাবিছাে, জানে ? মই আমাৰ ঘৰৰ তলৰ মহলাত

কণ-কণ ল'ৰা-ছােৱালীৰ বাবে এখন ক্রেশ্চ্ খুলি দিম। আজিকালি চাকৰিয়াল মাক-

দেউতাকৰ একমাত্ৰ ভৰষা এই ক্রেশ্চবােৰ। ভাল চলিব। উপার্জনৰ লগতে টাইমপাছাে

হ’ব আপােনাৰ।

 শ্ৰীমতী ভূঞাৰ চকুৰে আনন্দৰ পানী টোপাটেপে সৰি পৰিল।

অনামিকাক তেওঁ জোৰকৈ সাৱটি ধৰিলে।

00000