পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনামিকা

 

 অনামিকাই অৱশেষত এটা সিদ্ধান্ত ল'লে। তাইৰ জীৱনৰ এটা ডাঙৰ সিন্ধান্ত।

আচলতে তাই বাধ্য হল। বহুদিনৰ পৰাই তাইৰ শাহুৱেকে তাইক কুটুৰী আছে।

 চেতনা ভূঞা আৰু অনামিকা দুগৰাকী অকলশৰীয়া মহিলা। এটা মস্ত দুমহলীয়া

ঘৰৰ দুয়াে অকলে, দুয়ােৰে লগৰী হৈ থাকে। অকলে, মানে একাকী জীৱন যাপন কৰে

দুয়াে। দুয়াে যে বিধবা। একেদিনাই, একেলগে দুয়াে বৈধব্যক সাৱটিছিল। বিধিৰ বিধান।

পথ দূৰ্ঘটনাত থিতাতে মৃত্যুক সাৱটিছিল বাপেক-পুতেক নিৰঞ্জন ভূঞা আৰু

অভিনন্দনে।

 অনামিকা অভিৰ জীৱনলৈ আহিছিল দুয়ােৰে ঘৰৰ মানুহৰ

প্ৰৱল আপত্তি নেওচি। সেয়েহে চেতনা ভূঞাই আন্তৰিকতাৰে তাইক আদৰি লােৱা নাছিল। নির্দিষ্ট

দূৰত্ব বজাই ৰাখি এৰাব নােৱাৰা কথাখিনিহে পাতিছিল। কিন্তু অনামিকাই শহুৰ-শাহুৱেকৰ

অন্তৰ জয় কৰিছিল। তাই ধুনীয়াই নাছিল, কামে কাজে পটু, শিক্ষিতা আৰু স্মার্ট

আছিল।

 যিদিনা অভিনন্দন তাইৰ জীৱনৰ পৰা হঠাৎ আঁতৰি গ'ল , তাইক মৰমেৰে

আকোঁৱালি ললে শাহুৱেকে। তেৱোঁ গিৰিয়েকক হেৰুৱাছিল একেটা দূর্ঘটনাতে।

শাহুৱেকৰ প্ৰৱল ইচ্ছাক সন্মান জনাই অনামিকাই অভিনন্দনৰ কম্পিউটাৰ

ডিজাইনিঙৰ ব্যৱসায়টোত মনপুতি লাগিল। মাত্র দুটা বছৰত তাই বহু ওপৰলৈ তুলি

নিলে ব্যৱসায়টোক। অভিৰ বাল্যবন্ধু প্রবালাে ব্যৱসায়সূত্রে অনামিকাৰ লগত জড়িত

হৈ পৰিছিল এবছৰ আগতে। প্রবালৰ মাকে অনামিকাক বােৱাৰী হিচাপে বিচাৰি চেতনা

২৪