পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ওলাইছে। সিহঁতে ৰিয়মকো নিব খােজে। ইমান স্পর্ধা ? আচৰিত হৈছিল

অন্তৰা। কিন্তু তাতকৈয়াে আচৰিত হ'ল তাই ৰিয়মৰ মতামত শুনি। সিও যাব খােজে।

তাক সময় দিব নােৱাৰাে, নিজক লৈ ৱ্যস্ত থকা মাকজনীক তাৰ প্রয়ােজন নাই হেনাে।

 আহাঃ সাতবছৰীয়া পেন্দুকণাৰ মুখত ইমান ডাঙৰ ডাঙৰ কথা ? অন্তৰাই

এবটল মদ কিনি আনিছে। হেঁপাহ পলুৱাই খাব আজি। চকুপানীৰে তাই বাট নেদেখা

হৈছে। সীমান্তক ফোনত কথাটো জনালে। ৰিয়মৰ বাবে তাই নিজৰ জীৱন বৰবাদ কৰি

পেলাইছে আৰু সি.. তাৰ ইমান সাহস ? এঢােক গিলিয়েই তাই গ্লাচটো সন্মুখৰ

দেৱাললৈ সাজোৰে দলিয়ালে। ৰিয়মে এনে কিয় কৰিলে ?সি দেখা নাপালে মাকৰ কষ্ট

?যদি তাৰ বুজা শক্তি আছেই, তেন্তে সি তাইকহে বুজিব লাগিছিল, ৰূপালী প্রশান্তক

নহয়। যাওক, গুচি যাওক, সব আঁতৰি যাওক। তায়াে আঁতৰি যাব। কাৰ কাৰণে

জীয়াই থাকিব ? সব মিনিংলেচ। বিচনাত উবুৰি হৈ তাই হুকহুকাই কান্দি উঠিল।

 হঠাৎ কাৰােবাৰ হাতৰ পৰশত চক্‌ খাই উঠিল। সন্মুখত এয়া ৰিয়ম। ওচৰত

সীমান্ত। তাৰমানে সীমান্তই তাক লৈ আহিছে ৰূপালীহঁতৰ ঘৰৰপৰা, অন্তৰায় বুজিলে।

 : চৰি মম্ ।

 ৰিয়মক বুকুত সুমুৱাই হেঁপাহ পলুৱাই কান্দিলে অন্তৰাই। ৰিয়মে এটা চর্ত

ৰাখিলে মাকৰ সন্মুখত। সীমান্তক সি দেউতাক হিচাপে পাব বিচাৰে। এটা সম্পূর্ণ

পৰিয়াল বিচাৰে সি। আহ্‌ ইমান সুন্দৰ চর্ত। ৰিয়মৰ কথা ভাবি যদি তাই জীয়াই থাকিবই

লাগে, তেন্তে ইমান সুন্দৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ প্রশ্নই নুঠে।

00000

২৩