পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এয়েতাে জীৱন

 

 প্রশান্তহঁতৰ ঘৰৰ পৰা ওলাই আহি অন্তৰাই গাড়ীৰ ড্রাইভিং চিটত কিছুসময়

মৌন হৈ বহি ৰল। তাৰপিছত হাইস্পীদত গাড়ী চলাই ঘৰমুখী হ'ল। দূর্ঘটনা হ’লেও

হওঁক, তাই মৰিলেও মৰক- এই ভাৱতেই মগ্ন হৈ তাই কিন্তু নিৰাপদভাৱেই ঘৰ গৈ

পালে। ইমান দুখ তাই কেতিয়াও পােৱা নাই । আনকি উদ্দীপ্ত ঢুকাওতেও। কোলাত

এবছৰীয়া ৰিয়মক লৈ তাই উদ্দীপ্তৰ ঘৰৰ পৰা ওলাই আহিছিল, একপ্রকাৰ খেদা

খাই। শিক্ষাগত অৰ্হতাই তাইক পিছে হাৰিবলৈ নিদিলে। ক্রেশ্চত ৰিয়মক থৈ তাই

চাকৰি কৰিছিল। সি যেতিয়া ছবছৰত সােমাল, তাক লৈ সমস্যা হ’ল। অফিচত অন্তৰাৰ

কাম থাকে বহু দেৰিলৈ, মিডিয়াৰ কাম যে। অন্তৰা ৰূপে-গুণে অতুলনীয়। সেয়ে তাইক

বিয়া কৰাবলৈ কেবাজনাে আগবাঢ়ি আহিছিল। কিন্তু ৰিয়মৰ কথা ভাৱি তাই অকলশৰে

থাকিল। তাইৰ প্রজেক্টৰ চুপাৰভাইজাৰ সীমান্তই তাইক বহুবাৰ প্ৰস্তাৱ দিছে। তাইৰ

সাহস নহয়।

 ৰিয়মক তাই প্রশান্ত আৰু ৰূপালীৰ হাতত গতাইছিল এবছৰ আগতে।

সিহঁতহাল নিঃসন্তান। দুই-এটা আৰু ল’ৰা-ছােৱালী সিহঁতে চোৱাচিতা কৰিছিল। বেচ

আঢ্যৱন্ত সিহঁত। টকাৰ কাৰণে ক্রেশ্চ চলােৱাৰ দৰে কাম নকৰে যদিও অন্তৰাই ৰিয়মৰ

খােৱা-লােৱা খৰচৰ বাবদ মাহেকত দুহেজাৰ টকা যাচি আহিছে। ৰিয়মে ৰূপালীহঁতক

খুব ভাল পাইছে। স্কুলৰ পৰা আনি ৰাতিলৈ, অন্তৰাই নিবলৈ নহালৈ তাক সিহঁতে

চায়। বন্ধৰ দিনত, অন্তৰা কামলৈ গলে গােটেই দিনটো সি ৰূপালীহঁতৰ ঘৰত থাকে।

নিৰাপদ হাতত ৰিয়মক গতাই অন্তৰা ডুব গ’ল কামৰ মাজত।

 কিন্তু আজি তাই এটা ডাঙৰ শ্বক্ পালে। প্রশান্তহঁত যােৰহাটলৈ গুচি যাবলৈ

২২